Request for Proposals: Seminars in the Assamese Language (Arts Practice) | Deadline: December 14, 2026

ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছ (আই এফ এ) ৰ
India Foundation For the Arts (IFA)
অসমীয়া ভাষাত আলোচনা চক্ৰৰ বাবে আবেদন আমন্ত্ৰণ
Seminars in the Assamese Language
কলা অনুশীলন (Arts Practice) কাৰ্যসূচীৰ অধীনত

আবেদনৰ অন্তিম তাৰিখ: ১৪ ডিচেম্বৰ ২০২৬

Click here to read the call in English

আই এফ এৰ কলা অনুশীলন কাৰ্যসূচীয়ে এনে প্ৰকল্প ৰূপায়ণ কৰিব বিচাৰে য’ত শিল্পীসকলে তেওঁলোকৰ বৰ্তমানৰ অনুশীলনৰ পৰিসৰ নতুন দিশত সম্প্ৰসাৰণ কৰিব পাৰে। যাৰ দ্বাৰা দীৰ্ঘ দিন ধৰি মানি অহা নীতি-নিয়মসমূহক প্ৰশ্ন কৰিব পাৰে, বিষয়বস্তু, ৰূপ আৰু মাধ্যমৰ সীমাবদ্ধতাক ঠেলি নতুন সীমা নিৰ্ধাৰণ কৰিব পাৰে, স্থান, দৰ্শক আৰু সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাৰ বাবে নতুন পথৰ অন্বেষণ কৰিব পাৰে, তথা পৰীক্ষা-নিৰীক্ষাৰ মনোভাৱক আগস্থান দিয়ে।

আলোচনা চক্ৰ

  • শিল্পীৰ দ্বাৰা আয়োজিত যিকোনো কলাত্মক বা সাংস্কৃতিক অনুশীলন বিষয়ক আলোচনা চক্ৰয়ে কি ধৰণৰ প্ৰতিশ্ৰুতি বহণ কৰে? 
  • বৰ্তমান অসমৰ সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত শিল্প বা সাংস্কৃতিক অনুশীলনৰ দৃশ্যপটতো কেনেকুৱা?  
  • কোনো ধৰণৰ অনুশীলন প্ৰথা আছেনে যিবোৰ বহুলভাৱে অনুসৰণ কৰা হয় বা প্ৰচলিত হৈ আছে? 
  • এনে কোনো শিল্প অনুশীলন, বা সাংস্কৃতিক অনুশীলন আছেনে যিবোৰ পৰিৱৰ্তনৰ মাজেৰে গৈ আছে? এই প্ৰথাবোৰৰ বিষয়ে কথা-বতৰা, আলোচনা, বক্তৃতা চলি আছেনে? যদি আছে কেনেকুৱা?
  • শিল্প বিষয়ক আলোচনাত শিল্প সমালোচক, তত্ত্ববিদ আৰু পণ্ডিতৰ হুলস্থুলৰ পৰা আঁতৰি আমি কেনেকৈ শিল্পীৰ কণ্ঠক (artist’s voice) আগস্থান দিম? 
  • ‘অনুশীলন’ৰ বিষয়ে আপোনাৰ উদ্বেগ আৰু প্ৰশ্ন উত্থাপন কৰিবলৈ আপুনি এটা স্থান বিচাৰেনে? 

কলা অনুশীলন কাৰ্যসূচীৰ অধীনত আলোচনা চক্ৰ বিভাগে আপোনাক সেই স্থান প্ৰদান কৰিব।

সাংস্কৃতিক অনুশীলনৰ ওপৰত বিভিন্ন ভাষাত হোৱা আলোচনায়ে নিৰ্দিষ্ট ক্ষেত্ৰখনত নতুন দৃষ্টিভংগী আৰু অন্তৰ্দৃষ্টি যোগ কৰে। যেতিয়া শিল্পী তথা বিস্তৃত পৰিসৰৰ অভিজ্ঞতা থকা লোকসকলে কোনোবা এটা ‘অনুশীলন’ বা ‘বিষয়ৰ’ ওপৰত ইংৰাজীৰ বাহিৰেও আন ভাষাত ইয়াৰ কলাত্মক কৌশল আৰু অন্যান্য ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ একেলগে বহে, তেতিয়া কথা-বতৰা অধিক চহকী হয় আৰু অনন্য বিৱৰণ যোগ হয়। লগতে যিকোনো এটা কলাৰ ‘অনুশীলন’ বিষয় হিচাপে সমৃদ্ধ হয়। অনুশীলনসমূহ কেনেকৈ বিকশিত হৈছে আৰু ই ক’লৈ গৈ আছে সেই বিষয়ে অন্বেষণ কৰিবলৈ আলোচনা চক্ৰ উত্তম মাধ্যম । অপ্ৰত্যাশিতভাৱে শিল্পীসকলৰ বাবে আলোচনা চক্ৰৰ দৰে অনুষ্ঠানে সংযোগ আৰু সহযোগিতা,  তথা ধাৰণাসমূহৰ ভাগ-বতৰা কৰাৰ বাবেও গুৰুত্বপূৰ্ণ স্থান মুকলি কৰে। এই সমাৱেশবোৰত আগতে শুনি নোপোৱা নতুন কণ্ঠ আৰু দৃষ্টিভংগী শুনিবলৈও সুযোগ হয়।  

আমি এনে প্ৰস্তাৱৰ আমন্ত্ৰণ জনাইছো যিয়ে বিভিন্ন ধৰণৰ শিল্পৰ চৰ্চা কৰা অনুশীলনকাৰী সকলক একেখন মঞ্চলৈ আনে, তেওঁলোকৰ সৃষ্টিশীল কাম আৰু কাম কৰাৰ প্ৰক্ৰিয়াসমূহ মুকলিকৈ ভাগ-বতৰা কৰে। লগতে কথা-বাৰ্ত্তাত উপযুক্ত যুক্তিৰ উপস্থাপণ হয় যাতে তেওঁলোকৰ অনুশীলনৰ বাবে ইজনে সিজনৰ পদ্ধতিসমূহ অন্বেষণ আৰু শিকিব পাৰে।

আলোচনা চক্ৰৰ পৰিসৰ

তলত আলোচনা চক্ৰৰ প্ৰস্তাৱৰ বাবে কিছুমান নমুনা প্ৰশ্ন/চিন্তা দিয়া হ’ল।  

১) পৰস্পৰ উপস্থাপন, আলোচনা বা প্ৰদৰ্শনৰ জড়িয়তে দুটা সৃষ্টিশীল কৰ্মৰ চৰ্চা কৰা শিল্পীৰ মাজত গভীৰ ধাৰণাৰ বিনিময় কেনেকৈ হয় আৰু কি কি ধৰণেৰে উপকৃ়ত হয়? উদাহৰণ স্বৰূপে, এজন ঔপন্যাসিকে এজন চলচ্চিত্ৰ লেখকৰ সৈতে কথা-বাৰ্ত্তাত মিলিত হৈ কি কি নতুন দৃষ্টিভংগী লাভ কৰিব পাৰে? বা উপন্যাসৰ ৰূপত থকা সুকীয়া গল্প কোৱা পদ্ধতি আৰু লিখা পদ্ধতিৰ পৰা চলচ্চিত্ৰ লেখকে কি শিকিব পাৰে?

২) অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হোৱা গীত, নৃত্য, লোকনাট আদিকে ধৰি অসম আৰু উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ সমূহ বহুতো সমসাময়িক পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হৈছে, যাৰ ফলত ইয়াৰ ৰূপ আৰু প্ৰকাশভংগীৰ পৰিৱৰ্তন ঘটিছে। আধুনিক যুগৰ প্ৰেক্ষাপটত এই পৰম্পৰাসমূহৰ বিৱৰ্তন তথা ৰূপান্তৰৰ আৰু লোক-শিল্পীৰ চৰ্চা তথা ধাৰণা সৰ্ম্পকে এখন আলোচনা চক্ৰ প্ৰস্তাৱ কৰিব পাৰি।

আপোনাৰ ধাৰণা, প্ৰশ্নবোৰ এইবোৰতে সীমাবদ্ধ থাকিব নালাগে।

আবেদনৰ অন্তিম তাৰিখ: ১৪ ডিচেম্বৰ ২০২৬

প্ৰকল্পৰ সময়সীমা: ৬ মাহলৈকে

বাজেট: সৰ্বোচ্চ ৩,০০,০০০/- টকা পৰ্যন্ত (প্ৰস্তাৱিত বাজেটৰ ৩০% লৈকে সন্মানীয় ধনৰ বাবে অনুৰোধ কৰিব পাৰে)

প্ৰকল্পৰ প্ৰস্তাৱ কোনে প্ৰেৰণ কৰিব পাৰে?

এই কাৰ্যসূচীয়ে কোনো এক বিষয়ৰ সৈতে বা আন্তঃবিষয়ক দৃষ্টিকোণেৰে সৈতে কাম কৰা অনুশীলনকাৰী, শিক্ষাবিদ, আৰু শিল্পীকে ধৰি কেৰিয়াৰৰ মাজ ভাগত থকা শিল্পীসকলৰ পৰা প্ৰস্তাৱ আমন্ত্ৰণ জনায়। 

ইয়াৰ ভিতৰত হ’ব পাৰে:

এই কাৰ্যসূচীয়ে কোনো এক বিষয়ৰ সৈতে বা আন্তঃবিষয়ক দৃষ্টিকোণেৰে সৈতে কাম কৰা অনুশীলনকাৰী, শিক্ষাবিদ, আৰু শিল্পীকে ধৰি কেৰিয়াৰৰ মাজ ভাগত থকা শিল্পীসকলৰ পৰা প্ৰস্তাৱ আমন্ত্ৰণ জনায়। ইয়াৰ ভিতৰত হ’ব পাৰে:

  • সাহিত্য কলাৰ সৈতে কাম কৰা কবি, ঔপন্যাসিক, নাট্যকাৰ, সৃষ্টিশীল তথ্য-সাহিত্যৰ লেখক ইত্যাদি।
  • সংগীত, শব্দ, পাঠ, নৃত্য, শৰীৰ সঞ্চালন, নাট্য, পুতলা নাচ, গল্প কোৱা, যাদু, চাৰ্কাছ আৰু অন্যান্য পৰিৱেশন কলাৰ কাম কৰা পৰিৱেশন শিল্পী। 
  • চলচ্চিত্ৰ (তথ্যচিত্ৰ আৰু কল্পকাহিনী), এনিমেচন, ফটোগ্ৰাফী, ইনষ্টলেচন, নতুন মাধ্যম (new media), কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰবটিক্স, ইন্টাৰেক্টিভ আৰ্টছ, গেমিং, চিত্ৰকলা, ভাস্কৰ্য্য, প্ৰিন্টমেকিং, কমিক বুক, গ্রাফিক নেৰেটিভ, আৰ্টিষ্ট বুক আৰু অন্যান্য দৃশ্যকলাকে ধৰি সকলো মাধ্যমতে কাম কৰা শিল্পীসকল।
  • বিশেষকৈ গেলেৰী (কলা-বীথীকা) ৰ প্ৰসংগৰ বাহিৰত কাম কৰা কিউৰেটৰ(কলা তত্বাৱধায়ক)সকল।
  • আন্তঃশাখা কামত নিয়োজিত অনুশীলনকাৰীসকল।

জমা দিয়াৰ নিৰ্দেশনা

আমালৈ এটা প্ৰস্তাৱ পঠাওক য'ত বৰ্ণনা থাকিব:

১) আপোনাৰ বৰ্তমানৰ কলা বা কলা তত্বাৱধায়ক (কিউৰেটৰ) অনুশীলনকাৰী হিচাপে বিষয়বস্তুৰ প্ৰতি উদ্বেগ আৰু আগ্ৰহ

২) তলত দিয়া নিৰ্দেশনাৰ সৈতে আলোচনা চক্ৰৰ সবিশেষ: 

  • আলোচনা চক্ৰৰ বিষয় 
  • বিষয়বস্তুৰ ধাৰণাগত বিশদ বিৱৰণ 
  • মূল বক্তা, (যদি কোনোবা আছে) 
  • আমন্ত্ৰণৰ যুক্তিযুক্ততা উল্লেখৰে সৈতে আমন্ত্ৰিত বক্তাৰ আংশিক তালিকা 
  • চমু বিৱৰণৰ সৈতে উপ-বিষয় সমূহ আৰু বক্তৃতাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নামসূচী 
  • যদি প্ৰযোজ্য হয় আউটৰিচৰ পৰিকল্পনাৰ সৈতে গৱেষণা পত্ৰৰ আহ্বান 
  • কোনধৰণৰ শ্ৰোতা-দৰ্শক লক্ষ্য কৰা হৈছে
  • বক্তা আৰু দৰ্শকে কি ধৰণৰ অভিজ্ঞতা লাভ কৰিব 
  • নিজ নিজ ভাষাৰ প্ৰসংগত বিষয়টোৰ ওপৰত বিদ্যমান নিবন্ধৰ বা প্ৰবন্ধৰ চমু আভাস, (যদি আছে শেহতীয়া বা সুদূৰ অতীতৰ আলোচনা চক্ৰৰ উদাহৰণ) 
  • গ্ৰন্থতালিকা, নিজ নিজ ভাষাত 

৩) বিশদ সময়সীমা আৰু বাজেট 

৪) এই আৱেদনৰ সৈতে প্ৰাসংগিক পূৰ্বৰ কামৰ উদাহৰণ

৫) ঠিকনা, ফোন-নম্বৰ আৰু ই-মেইল আইডিৰ সৈতে আপোনাৰ যোগ্যতা, অভিজ্ঞতা আৰু জীৱনৰ চমু বিৱৰণ

আপুনি আপোনাৰ প্ৰস্তাৱ ইংৰাজী বা অসমীয়াত লিখিব পাৰিব।

আপুনি আমালৈ আপোনাৰ প্ৰশ্ন আৰু খচৰা ধাৰণা, লিখিত প্ৰস্তাৱ, অডিঅ' বা ভিডিঅ' ফৰ্মেটত আইএফএৰ কৰ্মচাৰীৰ পৰা সঁহাৰিৰ বাবে ৪ ডিচেম্বৰ ২০২৬ৰ আগতে প্ৰেৰণ কৰিব পাৰে।  

আপোনাৰ চূড়ান্ত প্ৰস্তাৱ মৃদুপংখী ৰাজকুমাৰী, প্ৰগ্ৰেম অফিচাৰ কলা অনুশীলন, mridupankhi@indiaifa.org ত প্ৰেৰণ কৰক। যিকোনো প্ৰশ্ন আৰু স্পষ্টীকৰণৰ বাবেও একেটা ইমেইল আইডিতে যোগাযোগ কৰক।

যোগ্যতাৰ মাপকাঠি

ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছ (আই.এফ.এ.)য়ে বিভিন্ন কাৰ্য্যক্ৰমৰ অধীনত প্ৰকল্পসমূহ ৰূপায়ণ কৰি আহিছে। এনে কাৰ্য্যক্ৰমত আবেদনৰ বাবে যোগ্যতাৰ মাপকাঠি তলত দিয়া ধৰণৰ:

  • কেৱল ভাৰতীয় নাগৰিকে আবেদন কৰিব পাৰিব। ভাৰতীয় মূলৰ ব্যক্তি (পাৰ্ছন অৱ ইণ্ডিয়ান অৰিজিন চমুকৈ পি.আই.অ’) আৰু প্ৰৱাসী ভাৰতীয় নাগৰিক (অভাৰছীজ চিটিজেন অৱ ইণ্ডিয়া চমুকৈ অ’.চি.আই.) কাৰ্ডৰ অধিকাৰীয়ে আবেদন কৰিব নোৱাৰিব।      
  • আবেদনকাৰীৰ পান (PAN) কাৰ্ডৰ লগতে ভাৰতীয় পাৰপত্ৰ বা আধাৰ কাৰ্ড বা ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰৰ যিকোনো এখন চিনাক্তকৰণৰ নথি থাকিব লাগিব।  
  • কেৱল এজন ব্যক্তিয়েহে আবেদন কৰিব পাৰে। কোনো ধৰণৰ সংস্থাই আবেদন কৰিব নোৱাৰিব।   
  • প্ৰকল্পত যদি কোনো সহযোগী আছে, তেন্তে সেই সহযোগী ব্যক্তিসকল ভাৰতীয় নাগৰিক হ’ব লাগিব। 
  • প্ৰকল্পৰ কোনো সহযোগীয়ে যদি পূৰ্বতে আই.এফ.এ.ৰ বিত্তীয় নিয়মাৱলী উলংঘা কৰিছে, তেন্তে তেনে ব্যক্তিক যোগ্য বুলি বিবেচনা কৰা নহ’ব। 
  • আই.এফ.এ.ৰ পৰা পূৰ্বে লাভ কৰা অনুদানৰ অধীনত প্ৰাপ্ত সন্মতিযুক্ত প্ৰদানযোগ্য সামগ্ৰী জমা দিয়াত অসমৰ্থজনক যোগ্য বুলি বিবেচনা কৰা নহ’ব।  
  • আই.এফ.এ.ৰ পৰা আবেদনৰ ক্ষেত্ৰত ইয়াৰ আগেয়ে কোনো কাৰণত ভৱিষ্যতৰ বাবে অনুমতিৰ নিষেধাজ্ঞাৰ পত্ৰ লাভ কৰা ব্যক্তিক যোগ্য বিবেচনা কৰা নহ’ব।    
  • বৰ্তমান আই.এফ.এ.ৰ দ্বাৰা ৰূপায়ণৰ পৰ্য্যায়ত থকা প্ৰকল্পত কৰ্মৰত ব্যক্তিয়ে আবেদন কৰিব নোৱাৰিব। 
  • যুটীয়া খাতা থকাৰ ক্ষেত্ৰত একাধিক ব্যক্তিয়ে আবেদন কৰিব পাৰিব। যদি যুটীয় খাতা নাই, তেন্তে তেওঁলোকৰ মাজৰ কেৱল এজনে আন ব্যক্তিৰ সৈতে সহযোগী হিচাপে আবেদন কৰা উচিত।

নিৰ্বাচন প্ৰক্ৰিয়া

চৰ্টলিষ্ট কৰা প্ৰস্তাৱসমূহৰ মূল্যায়ন বাহ্যিক পেনেলে কৰিব আৰু আবেদনকাৰীয়ে পেনেলৰ সন্মুখত নিজৰ প্ৰকল্পৰ ধাৰণা দাখিল কৰিব লাগিব।

নিৰ্বাচিত সকলো প্ৰকল্প আই এফ এৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব।

মূল তাৰিখসমূহ

  • খচৰা প্ৰস্তাৱ / প্ৰশ্নসমূহৰ অন্তিম তাৰিখ: ৪ ডিচেম্বৰ ২০২৬
  • আবেদনৰ অন্তিম তাৰিখ: ১৪ ডিচেম্বৰ ২০২৬, নিশা ১১:৫৯ বজা ভিতৰত প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰিব।
  • নিৰ্বাচিত প্ৰকল্পৰ ঘোষণা: ফেব্ৰুৱাৰী ২০২৭

অনুগ্ৰহ কৰি মন কৰক যে আই এফ এয়ে শিশুকে ধৰি সকলোকে সমৰ্থন, সন্মান আৰু সুৰক্ষা প্ৰদান কৰা এক নিৰাপদ পৰিৱেশ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আবেদনকাৰীয়ে ইয়াৰ সৈতে একাত্ম হ’ব লাগিব আৰু সকলো সময়তে ইয়াক সমৰ্থন কৰিব লাগিব।